উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চুড়ান্ত পৰীক্ষা কেতিয়াৰ পৰা অনুষ্ঠিত হ’ব? জানক!

ডিজিটেল ডেস্কঃবিজ্ঞান, ক’লা আৰু বাণিজ্য শাখাৰ ৪ মে’ৰ পৰা অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা।পৰীক্ষা নিয়ন্ত্ৰক সংস্থা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে কালি প্ৰকাশ কৰিছে পৰীক্ষাৰ ৰুটিন।৪মে’ৰ পৰা অনুষ্ঠিত হব লগা এই পৰীক্ষা সমাপ্ত হব ২৯ মে’ত।যোৱাটো বছৰত ক’ভিডসৃষ্ট পৰিৱেশৰ বাবেই উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ চুড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল।শিক্ষা বিভাগে চুড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক পৰীক্ষা অনুষ্ঠিত নকৰাকৈ উত্তীৰ্ণ কৰাইছিল দ্বিতীয় বৰ্ষলৈ।উল্লেখযোগ্য যে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা মে’ৰ দ্বিতীয় সপ্তাহৰ পৰা অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment