ধুনীয়া আৰু সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ আপুনি কি খাদ্য সেৱন কৰিব?

ডিজিটেল ডেস্ক: আমি সকলোৱে সুন্দৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ বিচাৰোঁ।সুন্দৰ হৈ থাকিলেহে আমাৰ মনবোৰো সতেজ হৈ থাকে।আমাক সুন্দৰ আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰাত আমি খোৱা খাদ্য সমুহে যথেষ্ট সহায় কৰে।আজি আপোনালোকক আমাক সুন্দৰ আৰু সতেজ কৰি ৰখাৰ বাবে সহায়ক হোৱা কেইটামান অতি প্ৰয়োজনীয় খাদ্যৰ বিষয়ে অৱগত কৰিম।

১/আমাৰ ছালখন মিহি,ধুনীয়া আৰু আমাৰ চকুযুৰি ধুনীয়া হৈ থাকিবলৈ আমাক ভিটামিন A য়ে যথেষ্ট সহায় কৰে। গাজৰ,পালেং শাক,গাখীৰ,কণীৰ কুহুম আদি হৈছে ভিটামিন A যুক্ত খাদ্য ।

২/ওঁঠৰ সমস্যা যেনে ও‍ঁঠ ফটা শুকান হৈ যোৱা আদি সমস্যাৰ বাবে ভিটামিন B থকা খাদ্য খোৱাটো অতি জৰুৰী। মাংস,লিভাৰ,গাখীৰ,সেউজীয়া শাক,মাহজাতীয় খাদ্য আদি হৈছে ভিটামিন B থকা খাদ্য ।

৩/ছালখন মিহি আৰু ধুনীয়া কৰি ৰখাত আমাক ভিটামিন C য়ে যথেষ্ট সহায় কৰে।কমলা,নেমু,আঙুৰ,আমলখি আদি টেঙাজাতীয় ফলত ভিটামিন C থাকে।

এই খাদ্য সমুহৰ সমান্তৰালভাৱে আন আন সেউজীয়া খাদ্য সমুহ গ্ৰহণ কৰাটোও আমাৰ বাবে অতি জৰুৰী।এই খাদ্য সমুহে আমাক ধুনীয়া আৰু সতেজ কৰি তোলাত সদায়ে অগ্ৰনীয় ভুমিকা গ্ৰহণ কৰে।

Comments (0)
Add Comment