অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন আৰু নাই ৷

ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে । দিছপুৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে, কেইবাদিনো ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ভূমিধৰ বৰ্মন।


প্ৰয়াত বৰ্মন অসমৰ ৰাজনীতিৰ এগৰাকী প্ৰবীণ আৰু অভিজ্ঞ ৰাজনীতিবিদ আছিল ।
১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰিছিল । ৭ বাৰকৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ডাঃ বৰ্মন । ১৯৬৭ চনত প্রথমবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল ভূমিধৰ বৰ্মন । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Comments (0)
Add Comment