ডিজিটেল ডেস্ক: গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিটাকৈ কুখ্যাত চোৰক। অসম-নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানীৰ পৰা গ্ৰেপ্তাৰ কৰিলে আন্তঃৰাজ্যিক Most Wanted বাইক চোৰ তিনিটাক।দীৰ্ঘদিন ধৰি গোলাঘাটকে ধৰি কেইবাখনো জিলাত বাইক চুৰিৰ সৈতে জড়িত হৈ থকা তিনিওটা চোৰকে গোলাঘাট আৰু যোৰহাটৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰা AS05L219 আৰু AS04U3834 নম্বৰৰ দুখন বুলেট আৰু AS05J4274 নম্বৰৰ এখন স্কুটী নাগালেণ্ডত বিক্ৰী কৰিবলৈ নিয়া অৱস্থাত হাতে-লুটে ধৰা পৰে।আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কুখ্যাত চোৰকেইটা ক্ৰমে জুনটি আলি,চন্দ্ৰ কছাৰী আৰু মুনিন শেনচোৱা।উল্লেখ্য যে গোলাঘাট আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধৃত চোৰ কেইটাক।ধৃত চন্দ্ৰ কছাৰী আৰু মুনিন শেনচোৱাৰ ঘৰ যোৰহাটৰ বৰহোলা চেনীজানত আৰু জুনটি আলিৰ ঘৰ গোলাঘাটৰ ৩ নং পূব দেৰগাঁৱত।বৰ্তমান চোৰ তিনিটাক নিজৰ জিম্মাত ৰাখি গোলাঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে পৰৱৰ্তী অনুসন্ধান।