বৰপথাৰত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড

ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ বৰপথাৰ থানাৰ অন্তৰ্গত ভগবান চাহ বাগিচাত দেওবাৰে নিশা এক নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয়।স্বামী সীতাৰাম মুণ্ডাই চোকা অস্ত্ৰৰে উপৰ্যুপৰি ঘপিয়াই হত্যা কৰে পত্নী পূৰ্ণিমা গোৱালা মুণ্ডাক।ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী স্বামীয়ে আত্মসমৰ্পণ কৰে বৰপথাৰ থানাত।কিন্ত কি কাৰণত উক্ত ঘটনা সংঘটিত হল সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই।আনহাতে হত্যাকাৰী স্বামীয়ে আত্মসমৰ্পণ কৰাৰ পিছতেই ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে।হত্যাকাণ্ডৰ প্রকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কন্দলৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।এই ঘটনাই সমগ্ৰ বৰপথাৰতে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Comments (0)
Add Comment