ঘৰুৱা উপায়েৰে নিজকে কেনেকৈ ধুনীয়া কৰি ৰাখিব?

ডিজিটেল ডেস্ক: আমি সকলোৱে সুন্দৰ হৈ থাকিবলৈ বিচাৰোঁ।কিন্তু সময়ৰ অভাৱতেই নিজৰ যতন লবলৈ অথবা সৌন্দৰ্যচর্চা কৰিবলৈ থাকি যায়।বিশেষকৈ মহিলা সকলে।আজি আমি আপোনালোকলৈ অতি সাধাৰণ ভাৱে নিজকে ধুনীয়া কৰি ৰাখিব পৰা কেইটামান উপায় আগবঢ়াম।

১/মহিলা সকলৰ পাকঘৰত সততে লাভ কৰা এবিধ বস্তু হ’ল তিয়ঁহ।এই তিয়ঁহে আপোনাক যথেষ্ট সহায় কৰিব পাৰে।তিয়ঁহে মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰে।আপুনি তিয়ঁহৰ ৰস অথবা তিয়ঁহ পিহি মুখত লগাব পাৰে।এনে কৰিলে আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় হ’ব।

২/আপোনাৰ ছালখন যদি তেলীয়া তেন্তে আপুনি এই উপায় অৱলম্বন কৰিব পাৰে।কমলা আমি সকলোৱে খাওঁ।সেই খাবলৈ অনাৰ ভিতৰৰে এটা কমলা লৈ আপুনি তাৰ ৰস মুখৰ পৰা ডিঙিলৈকে লগাই ভালদৰে লাহে লাহে দহমিনিটমান মালিচ কৰিব পাৰে।কমলাৰ ৰসে আপোনাৰ মুখৰ অতিৰিক্ত তেল সমুহ শুকুৱাই ছালৰ উজ্জ্বলতা ঘূৰাই অনাত সহায় কৰে।

৩/আমাৰ বহুতৰে ঘৰত খাবলৈ প্ৰায়ে দৈ থাকেই।তাৰে অলপমান দৈ লৈ আপুনি এই উপায়টো আপোনাৰ ক্ষেত্ৰত কৰি চাব পাৰে। প্ৰথমে আপুনি আপোনাৰ জোখত অলপ বেচন লওক তাৰ পিছত বেচনৰ দুগুণ পৰিমানত দৈ লৈ তাতে কেইটোপালমান নেমুৰ ৰস দি দিয়ক।আৰু এই আটাইকেইটাৰ এটা সংমিশ্ৰণ বনাই আপোনাৰ মুখত ধুনীয়া কৈ লগাওক।এই পেকে আপোনাক শীতল কৰি তোলাৰ সমান্তৰালভাৱে ই সকলো ধৰণৰ ছালৰ বাবে অতি প্ৰয়োজনীয়।

Comments (0)
Add Comment