চিত্ৰাংকণ প্ৰতিযোগিতাত উজ্জ্বলিল সৰুপথাৰৰ তিনি ছাত্ৰৰ।

ডিজিটেল ডেস্ক:গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ ছেৱাগুৰিৰ বীৰপাল সমন্বয় ক্ষেত্ৰত ২১ এপ্ৰিলত সদৌ চুতীয়া জাতি সন্মিলন, অসম, মহিলা সন্মিলন, যুৱ সন্মিলন, চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত লগতে ধনশিৰি বাসী ৰাইজৰ অভ্যৰ্থনাত ৰাজ্যিক ভিত্তিত উদযাপন কৰা হয় কেন্দ্ৰীয় বীৰাংগনা সতী সাধনী দিৱস। উদ্যোক্তা সকলে চৰকাৰৰ সকলো ক’ভিড বিধি মানি চলি ৰাজ্যিক ভিত্তিত উদযাপন কৰে সাধনী দিৱস।ক’ভিডক লৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা সতী সাধনী দিৱসৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত এক চিত্ৰাংকণ প্ৰতিযোগিতা আয়োজন কৰে। অনুষ্ঠানটোৰ পুৱাৰ ভাগত দেউকুৱেৰ শলিতা লগোৱা সকাম, বৃক্ষৰোপণ ,পতাকা উত্তোলন, স্মৃতি তৰ্পণ বাৰেৰহনীয়া কৃষ্টি প্ৰদৰ্শন আদি কাৰ্যসূচী সমাপনৰ পিছতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত উদযাপন স্থলীৰ মূল মঞ্চতে অনুষ্ঠিত হয় চিত্ৰাংকণ প্ৰতিযোগিতা।ভালেসংখ্যক প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত সৰুপথাৰৰ কেশৱ চন্দ্ৰ হাজৰিকা মেমৰিয়েল স্কুলৰ ছাত্ৰ মৌচুম গগৈয়ে প্ৰথম স্থান, সৰুপথাৰ বি এম এছ স্কুলৰ ছাত্ৰ কৌস্তভ চুতীয়াই দ্বিতীয় স্থান আৰু কেশৱ চন্দ্ৰ হাজৰিকা মেমৰিয়েল স্কুলৰ ছাত্ৰ প্ৰিয়াংশু হাতীবৰুৱাই ক্ৰমে তৃতীয় স্থান দখল কৰি সৰুপথাৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সভাপতি অমিয় বৰা, ৰাজ্যৰ বিশিষ্ট সাহিত্যিক তথা সু লিখক ইছমাইল হোছেইন আৰু চুতীয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ কুলকমল বৰুৱাৰ দ্বাৰা উদযাপন সমিতিয়ে মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কাৰ প্ৰদান কৰে।

Comments (0)
Add Comment