ডিজিটেল ডেস্কঃ মুকালমুৱাত এদিনতে সাতজনকৈ ক’ভিড আক্ৰান্তক চিনাক্ত ৷মুকালমুৱাত কুৰিৰ ঘৰ অতিক্ৰম কৰিলে ক’ভিড আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যাই ৷মুকালমুৱা মহকুমা চিকিৎসালয়ত শনিবাৰে সাতজনকৈ কৰ’নাত আক্ৰান্ত ৰোগীক চিনাক্ত কৰে চিকিৎসকে৷মুকালমুৱা চিকিৎসালয়ত আজি ৭৪ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰাত সাত গৰাকী লোকৰ দেহত ধৰা পৰে ক’ভিডৰ স্থিতি ৷দ্বিতীয় পৰ্যায়ত মুকালমুৱাত কৰোনাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা কুৰিৰ ঘৰ অতিক্ৰম কৰি ২২ জনলৈ বৃদ্ধি পালে ৷মুকালমুৱাত কৰোনাৰ ব্যাপক সংক্ৰমণে উদ্বিগ্ন কৰি তুলিছে বৰক্ষেত্ৰীবাসীক ৷