ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে ক’ৰণাৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ।প্ৰতিদিনাই বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা।
বৰ্তমান সময়ত প্ৰশাসন আৰু চৰকাৰে সৰ্বতো প্ৰকাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আসন্ন বিপদৰ প্ৰতি সতৰ্ক কৰা পৰিলক্ষিত হৈছে।আজি অৰ্থাৎ ২৪ এপ্ৰিলৰ দিনটোত আক্ৰান্ত হোৱা ৰোগী সংখ্যা হৈছে ৩ লাখ ৪৬ হাজাৰ ৭৮৬ গৰাকী।ইয়াৰে ৬২৪ গৰাকী ৰোগীৰ ইতিমধ্যে মৃত্যু হৈছে।ৰোগীৰ তুলনাত চিকিৎসালয় সমুহত বেডৰ অভাৱ হোৱা দেখা গৈছে।উল্লেখযোগ্য যে যোৱা ২৪ ঘন্টাত ২ লাখ ১৯ হেজাৰ ৮৩৪ গৰাকী লোক বিভিন্ন চিকিৎসালয় সমুহত ভৰ্তি হৈছে।