নিজৰ 22লাখ টকাৰ গাড়ী বিক্ৰী কৰি ৰোগীক অক্সিজেন যোগান ধৰি হিৰ মুম্বাইৰ যুৱক।
ডিজিটেল ডেস্কঃবৰ্তমান কৰ’নাৰ দ্বিতীয় লহৰত মুম্বাই, দিল্লীত অক্সিজেনৰ তীব্ৰ নাটনিয়ে দেখা দিছে। অক্সিজেনৰ অভাৱত ৰোগীয়ে চটফটাই মৃত্যুক আঁকোৱালি লোৱা দৃশ্য অতি সুলভ হৈ পৰিছে সামাজিক মাধ্যমত। তেনে সময়তে মুম্বাইৰ এজন মানৱ দৰদী যুৱক শ্বাহনৱাজ শ্বেখ ওলাই আহিছে কৰ’ না ৰোগীক অক্সিজেন যোগান ধৰিবলৈ। কিছুদিন পূৰ্বে শ্বাহনৱাজৰ এজন বন্ধুৰ পত্নীৰ অটোৰিক্সাতেই চিকিৎসালয়লৈ নিয়াৰ সময়ত মৃত্যু ঘটে। এই কৰুণ দৃশ্যই ব্যথিত কৰি তুলে শ্বাহনৱাজক। যাৰ বাবে তেওঁৰ ২২লাখ টকীয়া প্ৰিয় বিলাসী গাড়ী খনো বিক্ৰী ৰোগীক অক্সিজেনৰ চিলিণ্ডাৰ যোগান ধৰিবলৈ ওলাই আহিছে।। শ্বাহনৱাজে তেওঁ গাড়ীবিক্ৰী পোৱা ধনেৰে সৰ্বমুঠ ১৬০ টা চিলিণ্ডাৰ ক্ৰয় কৰিছে।।