ডিজিটেল ডেস্ক: মৰাণ জনগোষ্ঠী হৈছে।অসমৰ এটা অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠী ৷ এই মৰাণ জনগোষ্ঠীটোৰ স্বকীয় বৈশিষ্ট জীয়াই ৰখাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা ৰাতিবিহুৰ এক সুকীয়া মাদকতা আছে ৷ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতিবছৰে ৰাতি বিহু উদযাপন কৰা হয়।ব্যতিক্ৰম নহয় এইবছৰো।কাকপথাৰ ৰাজহুৱা খেলপথাৰত এইবছৰো অনুষ্ঠিত হয় বাৰ্ষিক ৰাতি বিহু।ৰাতি বিহুৰ অনুষ্ঠানত মৰাণ জনগোষ্ঠীৰ কেইবাশ নাচনীয়ে অংশগ্ৰহণ কৰে ।উল্লেখযোগ্য যে ক’ভিড প্ৰটকল অনুসৰি নিশা এঘাৰ বজাৰ পূৰ্বেই ৰাতিবিহুৰ কাৰ্যসূচী সম্পন্ন কৰা হয়।