তিনিচুকীয়াৰ ডাঙৰী তিনিআলিত পথ দুৰ্ঘটনা
ডিজিটেল ডেস্কঃ সমগ্ৰ অসমত বৰ্তমান কৰ’না ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমান্তৰালকৈ তিনিচুকীয়া জিলাতো সেই একেই পৰিৱেশে বিৰাজ কৰিছে। তিনিচুকীয়াত ক্ৰমান্বয়ে জটিল হৈ পৰিছে কৰ’নাৰ পৰিস্থিতি। এনে সময়তে একাংশ এম্বুলেঞ্চৰ ড্ৰাইভাৰে মাদক দ্ৰব্য সেৱন কৰি কৰ’নাৰ নামত ৰাতিৰ সুযোগ লৈ এম্বুলেঞ্চৰ ভিতৰত সুৰা কঢ়িওৱা গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে । যোৱা নিশা দ্ৰুতগতিত শদিয়াৰ পৰা ডুমডুমা অভিমুখে আহি থকা AS 23 AC 8158 নম্বৰৰ এম্বুলেঞ্চখনে ডাঙৰী তিনিআলিৰ ৰাস্তাৰ কাষৰে চ’লাৰ লাইটৰ এটা পোষ্ট মহতিয়াই থৈ যায়। ফলত গাড়ীৰ চালকজন গুৰুতৰভাৱে আহত হয় । প্ৰাপ্ত তথ্য অনুসৰি গাড়ীখনত সুৰা কঢ়িয়াই আনিছিল, ইফালে এম্বুলেঞ্চৰ চালকজনো আছিল সুৰামত্ত অৱস্থাত। পৰৱৰ্তী সময়ত আহত হোৱা চালকজনক তালাপ আৰক্ষীয়ে ডুমডুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।