Daily Time Axom

দেশৰ ৰাজধানী দিল্লীত বঢ়ালে লকডাউনৰ সময়সীমা

0 7

ডিজিটেল ডেস্ক:দেশ তথা ৰাজ্যত অব্যাহত আছে ক’ৰণাৰ সন্ত্ৰাস।মহামাৰি ক’ৰণাৰ দ্বিতীয় টো ঢৌৱে ইতিমধ্যে কালৰূপ ধাৰণ কৰিছে।বৃদ্ধি পাইছে ইদিনাতকৈ সিদিনাৰ সংক্ৰমণৰ সংখ্যা।বৰ্তমান শংকিত হৈ পৰিছে দেশৰ জনসাধাৰণ।দেশৰ ৰাজধানী দিল্লীৰ অৱস্থাও দিনক দিনে তথৈবচ হোৱা দেখা গৈছে।দিল্লীত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৃদ্ধি কৰিছে লকডাউনৰ সময়সীমা।দিল্লী চৰকাৰে লকডাউনৰ সময়সীমা এসপ্তাহ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে পুৱা এক সংবাদমেলৰ জৰিয়তে লকডাউনৰ সময়সীমা এসপ্তাহ অৰ্থাৎ ৩ মে’ পৰ্যন্ত বাহাল থাকিব বুলি ঘোষনা কৰিছে।মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াও ক’ৰণাৰ আতংক শেষ হোৱা নাই আৰু জনসাধাৰণেও পুনৰ লকডাউন দিয়াটো বিচাৰিছে গতিকে লকডাউনৰ সময়সীমা আৰু এটা সপ্তাহ বঢ়াই দিয়া হৈছে।তেওঁ পুনৰ কয়,প্ৰতিদিনে পূৰ্বতকৈয়ো বেছিকৈ পজিটিভ কেচৰ কথা পোহৰলৈ আহিছে।গতিকে জনসাধাৰণক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.