ডিজিটেল ডেস্ক: কৰোনাৰ যুদ্ধত ভাৰতলৈ আগবঢ়ালে ৫০ হেজাৰ ডলাৰ।দেশত কৰ’নাৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ ভাৰতকে একেবাৰে জুৰুলা কৰাত দেশত সম্প্ৰতি ভয়াবহ অক্সিজেনৰ সংকটত ভুগিব লগীয়া হৈছে। তেনে সময়তে অষ্ট্ৰেলিয়ান ক্ৰিকেটৰ পেচ বলাৰ পেট কামিনছে দেখুওৱালে এক বিৰল মহানুভৱতা। সমগ্ৰ দেশত ক’ভিডৰ এই ভয়াৱহৰ সময়ত খেলুৱৈ জনে প্ৰধানমন্ত্ৰী সাহাৰ্য্য নিধিলৈ ৫০ হাজাৰ ডলাৰ ভাৰতীয় মূল্যত প্ৰায় ৩৮ লাখ টকা আগবঢ়াইছে। উল্লেখ্য যে সোমবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত পঞ্জাব কিংছৰ বিৰুদ্ধে নমাৰ আগতে তেওঁৰ টুইটাৰত এই কথা সদৰী কৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ ষ্টাৰ খেলুৱৈ গৰাকীয়ে। টুইটাৰত তেওঁ কয় মই ভাৰতক খুবেই ভাল পাওঁ।