ডিজিটেল ডেস্ক: দেশ তথা ৰাজ্যত অব্যাহত আছে ক’ৰণাৰ সন্ত্ৰাস।মৃত্যু হৈছে ইজনৰ পিছত সিজন ক’ৰণাত আক্ৰান্ত ৰোগী।শেহতীয়াকৈ ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে অসমৰ প্ৰথম গৰাকী আই এ এছ বিষয়া পাৰুল দেৱী দাস।শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ থকা পাৰুল দেৱীক কিছুদিনৰ পূৰ্বে পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসালয়ত ভৰ্তি কৰাইছিল।চিকিৎসাধীন অৱস্থাতে ক’ভিডত আক্ৰান্ত হৈছিল পাৰুল দেৱী।পাৰুল দেৱীয়ে ১৯৭৪ চনত সৰ্বভাৰতীয় অসামৰিক সেৱাত বাছনি হোৱাৰ লগতে ৰাজ্য চৰকাৰৰ বন,মীন,গড়কাপ্তানী আদি বিভাগতো সেৱা আগবঢ়াইছিল ।বিগত কেইটামান দিন জি এম চি এইচত চিকিৎসাধীন হৈ থকা পাৰুল দেৱীৰ স্বাস্থ্যৰ অৱস্থা ২৩ এপ্ৰিলৰ পৰা অধিক অৱনতি ঘটিছিল।ইয়াৰ পিছতে ২৬ এপ্ৰিলৰ দিনা মৃত্যুৰ ওচৰত সাৰ মানে পাৰুল দেৱীয়ে।অসমৰ প্ৰথম গৰাকী আই এ এছ বিষয়া পাৰুল দেৱী দাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।