২০২০ বৰ্ষৰ নিৰ্বাচিত শ্ৰেষ্ঠ ১০খন ভাৰতীয় চিনেমাৰ ভিতৰত অসমীয়া চিনেমা ” ব্ৰীজ “

ডিজিটেল ডেস্ক : ক’ৰণাৰ ভয়াবহতা আৰু অনিশ্চয়তাৰ মাজতো ৰাজ্যবাসীলৈ আহিছে এটা ভাল খবৰ।অসমীয়া ভাষাৰ চিনেমা ব্ৰীজে ২০২০ বৰ্ষৰ নিৰ্বাচিত শ্ৰেষ্ঠ ১০খন ভাৰতীয় চিনেমাৰ ভিতৰত অন্তৰ্ভুক্তি লাভ কৰিছে।আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক সংস্থা ‘FIPRESCI’ তালিকাত নিৰ্বাচিত হৈছে ‘ব্ৰীজ’।ইয়াৰ উপৰিও উক্ত নিৰ্বাচিত শ্ৰেষ্ঠ ১০খন ভাৰতীয় চিনেমাৰ ভিতৰত ব্ৰীজে লাভ কৰিছে তৃতীয় শ্ৰেষ্ঠ ছবিৰ স্থান । FIPRESCI’ য়ে প্ৰতি বছৰে প্ৰকাশ কৰে নিৰ্মাণ হোৱা চিনেমা সমুহৰ পৰা শ্ৰেষ্ঠ ছবিৰ তালিকা।সেই ১০ খন
শ্ৰেষ্ঠ ছবিৰ তালিকাত এতিয়া ব্ৰীজৰ অন্তৰ্ভুক্তিয়ে স্বাভাৱিকতে উৎফুল্লিত কৰিছে চলচ্চিত্ৰ প্ৰেমী ৰাইজক। কৃপাল কলিতাই চিত্ৰনাট্য আৰু পৰিচালনা কৰাৰ লগতে ৰমা কুমাৰ দাস আৰু সবিতা দেৱীৰ প্ৰযোজনাৰে নিৰ্মিত হৈছে ব্ৰীজ ।

উল্লেখযোগ্য যে শেহতীয়াকৈ ব্ৰীজে আমন্ত্ৰন লাভ কৰিছে ১৯ সংখ্যক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ লছ এঞ্জেলছ লৈ।
ব্ৰীজৰ চিত্ৰগ্ৰহণ ৰমেন ৰাভাই কৰাৰ লগতে সম্পাদনা কৰিছে কিশোৰ ডেকাই।ছবিখনৰ চৰিত্ৰ সমুহত অভিনয় কৰিছে ক্ৰমে শিৱাৰাণী কলিতা, অনিন্দিতা দাস, পাৰ্থ প্ৰতিম বৰা, স্বপ্নীল নাথ, ভূপেন শৰ্মা, ৰোহিনী কুমাৰ ডেকাকে ধৰি অন্য কেইবাগৰাকিও শিল্পীয়ে ।ৰাজ্য লৈ গৌৰৱ কঢ়িয়াই অনা ব্ৰীজে গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি ১৬ সংখ্যক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান আৰু ৫১ সংখ্যক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ভাৰতৰ হৈ সন্মান লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে।

Comments (0)
Add Comment