Daily Time Axom

নিজেও বাচক, আনকো বচাওক শ্লোগানেৰে এজন যুৱকে ৰাইজৰ মাজত বিলাইছে মাস্ক ৷

0 13

ডিজিটেল ডেস্কঃ ক’ভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জনসাধাৰণক সজাাগ আৰু সচেতন কৰিবৰ বাবে প্ৰতিদিনেই নতুন নতুন এচ অ’ পি ঘোষণা কৰি আহিছে যদিও চৰকাৰী এচ অ’ পিক অংগুষ্ঠ প্ৰদৰ্শন কৰি চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি নিজৰ মতে চলি গৈছে একাংশই ৷ এনে সময়তে “নিজেও বাচক আনকো বচাওক” নামৰ শ্লোগানেৰে ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াসেৰে ফিল’বাৰীৰ মঙ্গলবৰীয়া সাপ্তাহিক বজাৰত বেপাৰী আৰু গ্ৰাহকৰ মাজত এজন যুৱকে মাস্ক বিতৰণ কৰা পৰিলক্ষিত হয় । ডুমডুমা ৰঙাজানৰ নিবাসী হেমন্ত ৰাজ মৰাণে সম্পূৰ্ণ নিজা খৰচে সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ হাজাৰ মাস্ক বিতৰণ কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ বিভিন্ন ঠাইত মাস্ক আৰু সজাগতাৰ সৃষ্টি কৰা যুৱক হেমন্ত ৰাজ মৰাণৰ এনে মহৎ কাৰ্যত সকলোৱে একেমুখে শলাগ লৈছে ।

Leave A Reply

Your email address will not be published.