Daily Time Axom

অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে নমালেণ্ডে

0 9

ডিজিটেল ডেস্ক: ক’ভিড সৃষ্ট পৰিবেশৰ বাবে এইবাৰ পৃথকে পৃথকে অনুষ্ঠিত হল ৯৩ সংখ্যক অকাডেমি এৱাৰ্ডছ অনুষ্ঠান।পৰম্পৰাগত ডলবি থিয়েটাৰৰ সমান্তৰালভাৱে লছ এঞ্জেলছৰ ইউনিয়নত অনুষ্ঠিত হৈছিল অস্কাৰ অনুষ্ঠানটি।অস্কাৰত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হল নমালেণ্ডে।শ্ৰেষ্ঠ ছবিৰ পৰিচালকৰ সন্মন লাভ কৰিছে চীন বংশোদ্ভৱ ক্লোয়ি জাৱে।ইয়াৰ লগতে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰে দ্য ফাডাৰ ছবিৰ অভিনয়ৰ বাবে এন্থনী হপকিন্সে।ইয়াৰ বিপৰীতে নমালেণ্ডত ছবিত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে ফ্ৰান্সিছ মেকডৰমেণ্ডে।উল্লেখযোগ্য যে প্ৰতি গৰাকী অভিনেতা অভিনেত্ৰী,কৰ্মকৰ্তা আৰু দৰ্শকে কভিড টেষ্টৰ নিগেটিভ প্ৰমাণ পত্ৰ লৈহে উক্ত অনুষ্ঠানত ভাগ লবলৈ অনুমতি লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.