ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাৰ প্ৰশংসনীয় পদক্ষেপ। বিনামূলীয়াক মাস্ক,গ্লোবচ,চাবোন বিতৰণ ।
ডিজিটেল ডেস্কঃসমগ্ৰ দেশৰ লগতে অসমতো শেহতীয়াকৈ ক’ভিড-১৯ য়ে ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰা সময়তে ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাই ললে এক প্ৰশংসনীয় প্দক্ষেপ। বুধবাৰে ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাই ধনশিৰি মহকুমাৰ সৰুপথাৰৰ অন্তৰ্গত ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী ,শিক্ষক শিক্ষয়িত্ৰী ,অভিভাৱক আৰু স্থানীয় ৰাইজক লৈ চৰকাৰৰ সম্পূৰ্ণ কোভিড বিধি মানি বিনামূলীয়াকৈ মাস্ক,গ্লোবচ,চাবোন বিতৰণ কৰাৰ লগতে হাত ধোঁৱা পদ্ধতিৰ ওপৰত এক সজাগতা অনুষ্ঠান আয়োজন কৰে ।
ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাৰ সহকাৰী সম্পাদক প্ৰতাপ গগৈয়ে আঁত ধৰা উক্ত অনুষ্ঠানত ভাৰতীয় ৰেডক্ৰছ চছাইটি ধনশিৰি জিলা শাখাৰ উপ:সভাপতি দন্দ্ৰেশ্বৰ বৰা সহ ৰেডক্ৰছ চছাইটিৰ ভালকেইজন বিষয় ববীয়া উপস্থিত থাকি ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজক হাত ধোৱা সম্পৰ্কে সজাগ কৰাৰ সমান্তৰালকৈ মাস্ক,গ্লোবচ আৰু চাবোন বিতৰণ কৰে ।। ৰেডক্ৰছ ধনশিৰি জিলা শাখাৰ বিষয়ববীয়া সকলে এই অনুষ্ঠানৰ পিছতে ধনশিৰি মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ,আৰক্ষী -প্ৰশাসন আদিৰ মাজত মাস্ক,গ্লোবচ,চাবোন আদি বিতৰণৰ এক কাৰ্য সূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।