ক’ভিডৰ সতে যুজঁ দিবলৈ অক্ষয় কুমাৰ আৰু পত্নী টুইংকলে আগবঢ়াইছে এশটা অক্সিজেন কনচেনট্ৰেটৰ

ডিজিটেল ডেস্ক: ক’ৰণাৰ দ্বিতীয়টো ঢৌৱে কালৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশতে।দেশৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি বৰ্তমান আতংকিত হৈ পৰিছে দেশবাসী।দেশৰ এই সংকটজনক অৱস্থাত অন্য কেইবাখনো দেশে ইতিমধ্যে সহায়ৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে।অন্য দেশৰ সমান্তৰালভাৱে আগবাঢ়ি আহিছে ক্ৰিকেটাৰ,তাৰকাৰ লগতে বহুতো মহান ব্যক্তি।ক’ৰণাত আক্ৰান্ত হৈ অক্সিজেনৰ অভাৱত পৰি দেশত মৃত্যু হ’ল বহুতো ক’ভিড ৰোগী।শেহতীয়াকৈ এই ক’ভিডত আক্ৰান্ত হোৱা লোক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলিউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ।অভিনেতা গৰাকীয়ে ইয়াৰ পূৰ্বেও ক’ৰণাত আক্ৰান্ত হোৱা লোকলৈ আগবঢ়াইছিল সহায়ৰ হাত।আৰু বৰ্তমান ক’ৰণাৰ সতে যুজঁ দিবলৈ অভিনেতা অক্ষয় কুমাৰ আৰু তেওঁৰ পত্নী টুইংকল খান্নাই এশটা অক্সিজেন কনচেনট্ৰেটৰ আগবঢ়োৱাৰ কথা ইতিমধ্যে টুইটযোগে সদৰি কৰিছে।জনপ্ৰিয় অভিনেতা গৰাকীৰ এই মহানুভৱতাক এতিয়া সকলোৱে একেমুখে শলাগ লৈছে।

Comments (0)
Add Comment