ডিজিটেল ডেস্ক: বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ সংক্ৰমনে পুনৰ কালৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশতে।প্ৰতিদিনাই বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।ক’ভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে কেইবাখনো দেশত লকডাউন বলবৎ কৰিছে।দেশৰ ভিন্ন ৰাজ্যতো ইতিমধ্যে প্ৰশাসনে ক’ভিডৰ বাবে বান্ধি দিছে কঠোৰ নীতি নিৰ্দেশনা।অসমতো চৰকাৰ তথা প্ৰশাসনে জাৰি কৰিছে সান্ধ্য আইন।শেহতীয়াকৈ দেশৰ পৰ্য্যটন স্থলী গোৱাটো বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।ক’ৰণাৰ সংক্ৰমণৰ পৰা বাচিবলৈ গোৱা চৰকাৰে আজিৰে পৰা অৰ্থাৎ ২৯ এপ্ৰিলৰ পৰা জাৰি কৰিছে লকডাউন।গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে ইতিমধ্যে লকডাউনৰ কথা ঘোষনা কৰিছে।২৯ এপ্ৰিলৰ পৰা ৩ মে’ পৰ্যন্ত অব্যাহত থাকিব এই কঠোৰ লকডাউন।উল্লেখযোগ্য যে এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱা সমুহৰ বিপৰীতে বন্ধ থাকিব সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠান।