জনপ্ৰিয় অভিনেতা আল্লো অৰ্জুন আক্ৰান্ত হৈছে ক’ভিডত

ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে ক’ৰণাৰ সন্ত্ৰাস।প্ৰতিদিনাই বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।শেহতীয়াকৈ ক’ভিডত আক্ৰান্ত হৈছে তেলেগু চিনেমাৰ জনপ্ৰিয় অভিনেতা আল্লো অৰ্জুন।এক টুইটযোগে জনপ্ৰিয় অভিনেতা গৰাকীয়ে এই কথা সদৰি কৰিছে।ইয়াৰ লগতে তেওঁ সংস্পৰ্শলৈ অহা লোক সকলক সাৱধান হ’বলৈ আহ্বান জনাইছে।উল্লেখযোগ্য যে অভিনেতা গৰাকী বৰ্তমান হ’ম আইচ’লেছনত আছে।অভিনেতা গৰাকীয়ে এই কথা টুইটযোগে অৱগত কৰাৰ পিছতেই এতিয়া তেওঁৰ অনুৰাগী সকলে আশু আৰোগ্য কামনা কৰা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment