Daily Time Axom

ডেকা ৰোগীৰ বাবে বিচনা ত্যাগ কৰিলে এজন ৮৫বছৰীয়া কৰ’না ৰোগীয়ে।

0 7

ডিজিটেল ডেস্কঃকৰ’না দ্বিতীয়টো লহৰে দেশৰ চিকিৎসালয়সমূহত বিছনা, অক্সিজেন আৰু জৰুৰী সামগ্ৰীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে এজন ৮৫বছৰীয়া প্ৰবীণ নাগৰিকে ত্যাগৰ উৎকৃষ্ট নজিৰ দাঙি ধৰিলে। মহাৰাষ্ট্ৰৰ নাগপুৰৰ নাৰায়ণ ভাউৰাও ডাভাদকাৰ নামৰ লোকজন নাগপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। সেই সময়তে এগৰাকী মহিলাই ৪০ বছৰীয়া তেওঁৰ স্বামীক লৈ আহিছিল চিকিৎসালয়খনলৈ। পিছে বিছনা নথকাৰ বাবে চিকিৎসকে ভৰ্তি নকৰিলে লোকজনক।অৱশেষত স্বামীৰ চিকিৎসাৰ বাবে ক্ৰন্দনৰত হোৱা প্ৰত্যক্ষ কৰিলে ৮৫ বছৰীয়া ডাভাদকাৰে।সেয়ে ডাভাদকাৰে তেওঁৰ নিজৰ বিছনা এৰি দিবলৈ ইচ্ছা কৰিলে ৪০বছৰীয়া ৰোগীজনক।ডাভাদকাৰে চিকিৎসালয় প্ৰশাসনৰ অনুৰোধ বিছাৰি ইচ্ছা প্ৰকাশ কৰিলে এনেদৰে “মই জীৱন সম্পূর্ণৰূপে যাপন কৰিছো। সম্প্ৰতি মোৰ বয়স ৮৫বছৰ। কিন্তু ক্ৰন্দনৰত মহিলাগৰাকীৰ স্বামী বৰ্তমানেও ডেকা হৈয়ে আছে। তাৰোপৰি তেওঁৰ ওপৰত আছে পৰিয়াল পোহপাল দিয়াৰ সম্পূর্ণ দায়িত্ব। গতিকে মোৰ বিছনাখন তেওঁক দিলে উপকৃত হ’ব। ” এনেদৰে কৈ ডাভাদকাৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যায় আৰু বিছনাখন যোগান ধৰে।

Leave A Reply

Your email address will not be published.