বলীউডৰ অভিনেতা অজয় দেৱগণে ক’ভিড ৰোগীলৈ আগবঢ়াইছে সহায়ৰ হাত

ডিজিটেল ডেস্ক: দেশত দিনকদিনে বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।ৰোগীৰ তুলনাত হ্ৰাস পাইছে বেডৰ সংখ্যা।দেশৰ এই সংকটজনক অৱস্থাত ক’ৰণাত আক্ৰান্ত হোৱা লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণ।মুম্বাইত ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পিছত এতিয়া ৰোগীৰ বাবে বেডৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে।উক্ত অভাৱ প্ৰত্যক্ষ কৰি মুম্বাইৰ পৌৰ নিগমৰ সতে লগ হৈ মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ২০ খনকৈ জৰুৰী বেডৰ ব্যৱস্থা কৰি দিছে।উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অক্ষয় কুমাৰ,ছলমান খান,ছনু সুডৰ লগতে অন্যান্য অভিনেতা সকলেও ক’ৰণাত আক্ৰান্ত হোৱা লোকসকললৈ সেৱা আগবঢ়াইছে।

Comments (0)
Add Comment