আঁচৰিত ধৰণে ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে এইবিধ ফলে।
ডিজিটেল ডেস্কঃ আমলখি হৈছে শৰীৰৰ বাবে উপকাৰী বন্ধু। আমলখিত থাকে ভিটামিন-C । এটা আমলখি খালে শৰীৰত পোৱা যায় ১০টা কমলাৰ সমান শক্তি। কিন্তু সিজাই খালে ইয়াৰ ভিটামিন নষ্ট হৈ যায়। শৰীৰত ভিটামিন-Cৰ ক্ষতিপূৰণ কৰিবলৈ অনবদ্য অৱদান আগবঢ়ায় আমলখিয়ে। জানোঁ আহক আমলখিয়ে কি কি ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰে:
১) আমলখিয়ে দৃষ্টিশক্তি বৃদ্ধি কৰে। চকুৰ পৰা পানী ওলোৱা ৰোগ নিৰাময় কৰে।
২) উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰি ৰাখে মহৌষধী আমলখিয়ে।
৩) আমলখিয়ে বয়স ধৰি ৰখাত সহায় কৰে।
৪) জ্বৰ, চৰ্দি,কাঁহ, ডিঙিৰ বিষ আদিৰ সমস্যাৰ অন্যতম উপায় আমলখি।
৫) টিবি, এজমা, ব্ৰংকাইটিছ আদি ৰোগৰ পৰাও মুক্ত কৰে আমলখিয়ে।
৬)আমলখিয়ে শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত আৰু চুলিৰ টনিক হিচাপে কাম কৰে ।
৭) আমলখিত থকা পলিফেনলে কেঞ্চাৰ ৰোগৰ কোষ বৃদ্ধি কৰাত বাধা প্ৰদান কৰে আৰু আমলখিত থকা ক্ৰ’মিয়ামে শৰীৰত ইনচুলিন উৎপাদনত সহায় কৰে লগতে চুগাৰ নিয়ন্ত্রণত ৰাখে।
৮) আমলখি নিয়মিতভাৱে খালে লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায় আৰু বদহজম ৰোধ কৰে।
৯) আমলখিয়ে অতিমাৰীৰ যুদ্ধত শৰীৰ সম্পূর্ণ সতেজ কৰি ৰাখে, ইয়াৰ সমান্তৰালকৈ ছাল আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে।