হাৰ্টএটেকত প্ৰাণ হেৰুৱালে নিউজ এংকৰ ৰোহিত সৰদানাই।

ডিজিটেল ডেস্কঃ জনপ্রিয় নিউজ এংকৰ ৰোহিত সৰদানাৰ মৃত্যু। এক দীঘলীয়া যাত্ৰাৰ পৰিসমাপ্তি ঘটিল। ‘ZEE NEWS’ আৰু ‘AAJTAK’ ৰ নিউজ এংকৰ আছিল ৰোহিত সৰদানা। উল্লেখ্য যে,তেখেতৰ শুকুৰবাৰে পুৱা হাৰ্টএটেক হৈ অকাল মৃত্যুক আকোঁৱালি ল’লে। হাৰ্টএটেকৰ লগতে ক’ভিডতো আক্ৰান্ত হৈ আছিল ৰোহিত সৰদানা। হাৰ্টএটেক অহাৰ পিছত তেওঁক ভেন্টিলেশ্বনত ৰাখিছিল যদিও বচাব নোৱাৰিলে চিকিৎসকে। জনপ্রিয় নিউজ এংকৰ ৰোহিত সৰদানাৰ মৃত্যুয়ে এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ দেশতে।

Comments (0)
Add Comment