Daily Time Axom

শীঘ্ৰেই পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা ক্ৰয় কৰিব এক লাখ অক্সিজেন কনচেনট্ৰেটৰ

0 8

ডিজিটেল ডেস্ক: ক’ভিড -১৯ য়ে দেশত ভয়াৱহ ৰূপ ধাৰণ কৰি থকাৰ মাজতেই দেশত অক্সিজেনৰ অভাৱে দেখা দিছে।অক্সিজেনৰ অভাৱত পৰি মৃত্যু হৈছে বহুতো লোকৰ।শেহতীয়াকৈ ক্ৰিকেটাৰ,বলীউডৰ তাৰকা আৰু অন্য দেশ সমুহে এই অভাৱনীয় পৰিস্থিতিত ভাৰতলৈ আগবঢ়াইছে সহায়ৰ হাত।ইয়াৰ মাজতে শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত।এক লাখ অক্সিজেন কনচেনট্ৰেটৰ ক্ৰয় কৰাৰ অনুমোদন জনাইছে কেন্দ্ৰই।পি এম কেয়াৰ্ছ ফাণ্ডৰ পৰা ক্ৰয় কৰিব এই অক্সিজেন কনচেনট্ৰেটৰ ।উল্লেখযোগ্য যে এই কনচেনট্ৰেটৰ সমুহ প্ৰথমে ক’ৰণাই অধিক বিধস্ত কৰা ৰাজ্যসমুহলৈ আগবঢ়োৱা হ’ব।

Leave A Reply

Your email address will not be published.