Daily Time Axom

সৰুপথাৰত আপকু’ৰ প্ৰতিষ্ঠা দিৱস পালন ।

0 9

অসমৰ মফচলীয় সাংবাদিক সকলৰ অন্যতম সংগঠন আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু ‘ৰ আজি ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস।বৰ্তমান সমগ্র দেশত ক’ভিড-১৯ ৰ ভয়াবহ ৰুপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলা আৰু মহকুমা সমিতি সমূহৰ উদ্যোগত আজি অনুস্থূপিয়াকৈ সীমিত কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিষ্ঠা দিৱস পালন কৰিছে সাংবাদিক সংগঠন টোৱে।গোলাঘাট জিলাৰ সৰুপথাতো আপকু ধনশিৰি মহকুমা সমিতিয়ে চৰকাৰী ক’ভিড বিধি মানি সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি আপকু’ৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে। তদুপলক্ষে ধনশিৰি মহকুমাৰ সৰুপথাৰ পদুমনিস্থ ভাৰতীয় ৰেড ক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত পুৱা পতাকা উত্তোলন কৰে আপকু ধনশিৰি মহকুমা সমিতিৰ সভাপতি হেমন্ত কুমাৰ মহন্তই আৰু ছহিদ তৰ্পণ কৰে ধনশিৰি আপকু’ ৰ সম্পাদক তুলসী চুতীয়াই। আপকু’ৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি হাতত লোৱা কেউটা কাৰ্যসূচী ৰূপায়ণৰ অন্তত ভাৰতীয় ৰেড ক্ৰছ চছাইটি ধনশিৰি জিলা শাখাৰ তৰফৰ পৰা শাখাৰ সম্পাদক দিলীপ কোঁৱৰে অনুষ্ঠানত উপস্থিত সাংবাদিক সকলৰ মাজত বিনামূলীয়াকৈ মাস্ক আৰু চাবোন বিতৰণ কৰে। আপকু ধনশিৰি মহকুমা সমিতিৰ সম্পাদক তুলসী চুতীয়াই আঁত ধৰা অনুষ্ঠানত আপকু’ ৰ বিষয় ববীয়া বিবেকানন্দ দত্ত, স্বপন কুমাৰ চক্ৰৱৰ্তী ৰাকেশ কুমাৰ যাদৱ, ৰেডক্ৰছৰ সক্ৰিয় সদস্য বিনয় দত্ত সহ ভালেকেইজন বিষয় ববীয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.