নুমলীগড়ত শ্ৰমিক দিৱস পালন।
ডিজিটেল ডেস্কঃ আজি মে’ দিৱস তথা শ্ৰমিক দিৱস।সমগ্র দেশতে শ্ৰমিক দিৱস পালন কৰিছে শ্ৰমিক দিৱস।সমান্তৰালকৈ নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়ন নুমলীগড় শাখা, নুমলীগড় ৰিফাইনেৰী গ্ৰেটাৰ ৱৰ্কাৰ্চ ইউনিয়ন আৰু অসম মটৰ ৱৰ্কাৰ্চ ইউনিয়ন NRL শাখাৰ উদ্যোগত আন্তর্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয়।এই শ্ৰমিক দিৱসতেই নুমলীগড় শোধনাগাৰত কৰ্মৰত শ্ৰমিকসকলক সকলো ধৰণৰ সা-সুবিধা প্ৰদানৰ স্বাৰ্থত সমূহ শ্ৰমিক সংগঠন একত্ৰিত হৈ ঐক্যবদ্ধ সংগ্ৰামেৰে আগুৱাই যোৱাৰ সিদ্ধান্ত গ্ৰহন কৰে।