২০০১বৰ্ষৰ বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ মৃত্যু।

ডিজিটেল ডেস্কঃ২০০১বৰ্ষৰ বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰা মৌচুমী শইকীয়াৰ অকাল মৃত্যু।মৌচুমী শইকীয়া বিহু সম্ৰাজ্ঞীৰ লগতে বিভিন্ন ঠাইত বিহু নৃত্য প্ৰদৰ্শন কৰি বিশেষভাৱে জনপ্রিয় আছিল। বিহু বিশেষজ্ঞ প্ৰসন্ন গগৈৰ পত্নী আছিল মৌচুমী। মৃত্যুৰ সময়ত স্বামীসহ দুটি সন্তানক এৰি যায় মৌচুমী শইকীয়াই।বহুদিন ধৰি পেটৰ বিষত ভুগি আছিল নৃত্য শিল্পীগৰাকী। নিজ বাসগৃহতে পেটৰ বিষৰ বাবে বৃহস্পতিবাৰে সন্ধ্যা শেষ নিঃশ্বাস ত্যাগ কৰে বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াই। শিল্পী গৰাকীৰ মৃত্যুয়ে এতিয়া শোকৰ ছাঁ পেলাইছে শিল্পী সমাজত।

Comments (0)
Add Comment