Daily Time Axom

অধ্যাপক ডঃ পৰেশ চন্দ্ৰ ডেকালৈ শ্ৰদ্ধাঞ্জলি

0 8

ডিজিটেল ডেস্কঃ অসমৰ সুসন্তান, নলবাৰী নিৱাসী তথা কৰ্ণাটকৰ নেশ্ব্যনেল ইনষ্টিটিউট অৱ টেকন’লজিৰ জ্যেষ্ঠ অধ্যাপক ডঃ পৰেশ চন্দ্ৰ ডেকাৰ অতিমাৰী কৰ’নাত আক্ৰান্ত হৈ যোৱা ২৮ এপ্ৰিলত কৰ্ণাটকৰ মাংগালোৰৰ শ্ৰীনিৱাস ইনষ্টিটিউট অৱ মেডিকেল কলেজ হাস্পতালত মৃত্যু হয় ।সম্পূর্ণ ক’ভিড প্ৰট’কল মানি ড৹ পৰেশ চন্দ্ৰ ডেকাৰ আত্মাৰ সদগতি কামনাৰ্থে শুকুৰবাৰে সন্ধিয়া বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত নলবাৰী জিলাৰ দৌলাশালস্থিত জলসম্পদ বিভাগৰ পৰিদৰ্শন বঙলাত অশ্ৰু-অঞ্জলি শীৰ্ষক এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাখনত সভাপতিত্ব কৰে গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠকে। ৬ নং চেঙা জিলা পৰিষদৰ সদস্য বসন্ত ঠাকুৰীয়াই বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত প্ৰয়াত পৰেশ চন্দ্ৰ ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পৰেশ চন্দ্ৰ ডেকাৰ আত্মীয় মৃত্যুঞ্জয় পাঠকে। ইয়াৰ পিছতে প্ৰয়াত ডেকাৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। বিৰিণা গোষ্ঠী অসমৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট কবি-সাহিত্যিক, সমালোচক ইছমাইল হুছেইনে ভাৰ্চুৱেল পদ্ধতিৰে প্ৰয়াত ডেকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ডঃ পৰেশ চন্দ্ৰ ডেকাৰ মৃত্যু ভাৰতৰ কাৰিকৰী শিক্ষাৰ বাবে বিস্তৰ ক্ষতি বুলি উল্লেখ কৰে। স্মৃতিচাৰণ সভাখনত প্ৰয়াত ডেকাৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজীৰ ওপৰত কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে। ইয়াৰ উপৰিও কৰ’নাত আক্ৰান্ত হৈ থকা ৰোগীসকলৰ দ্ৰুত আৰোগ্য কামনা কৰি সমূহীয়া বন্তি প্ৰজ্বলনো কৰা হয়।

Leave A Reply

Your email address will not be published.