আজি আন্তর্জাতিক মে’ দিৱস
ডিজিটেল ডেস্কঃ আজি আন্তর্জাতিক মে’ দিৱস বা শ্ৰমিক দিৱস। মে’ মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত পালিত হয় এই দিৱস ।সকলো দিৱসে একো একোটা তাৎপৰ্য বহন কৰি আহিছে কিন্তু আন দিৱসৰ তুলনাত মে’ দিৱসৰ আছে এক সুকীয়া তাৎপর্য।কিয়নো আজিৰ দিনটোৰ অন্তৰালতে শ্ৰমিকসকলৰ ত্যাগৰ বিনিময়ত সোমাই আছে আনন্দ লাভ।সেয়ে বহু দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপে পালন কৰে। আজিৰ এই দিনটোতে চৰকাৰী ভাবে ছুটিৰ দিন বুলি ধৰা হয়।
উল্লেখ্য যে, ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলায় আৰু তাতে ছহিদ হৈছিল ১১ জন শ্ৰমিক।আন্দোলনৰ সময়তে চৰকাৰে কেইজনমান শ্ৰমিক নেতাক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড বিহে যাতে শ্ৰমিকৰ আন্দোলনৰ বিনাশ ঘটে। চৰকাৰৰ এনে অযুক্তিকৰ পদক্ষেপত শ্ৰমিকসকলৰ হৃদয়ত ক্ষোভৰ একুৰা জুই জ্বলিছিল।প্ৰায় তিনি বছৰে শ্ৰমিকসকলৰ হৃদয়ত জ্বলি থাকিল সেই ক্ষোভৰ জুই।
অৱশেষত ১৮৮৯ চনৰ জুলাই মাহৰ ১৭ তাৰিখে পেৰিছত অনুষ্ঠিত হোৱা শ্ৰমিকৰ আন্তৰ্জাতিক সন্মিলনত এক ঐতিহাসিক সিদ্ধান্ত লৈ চিকাগোৰ সন্মিলনৰ সময়ত ছহিদ হোৱা শ্ৰমিকসকলক প্ৰতি শ্ৰদ্ধা আৰু স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ বিনিময়ত ১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই দিৱস শ্ৰমিকৰ বাবে ত্যাগ আৰু শ্ৰমৰ মৰ্যাদা লভা এক ঐতিহাসিক দিৱস য’ত সোমাই আছে শ্ৰমিকৰ ঐতিহাসিক শ্ৰমৰ বেদনা আৰু আনন্দৰ নিৰ্মল চকুলো।