ক’ৰণাত আক্ৰান্ত ৰোগীলৈ ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানে আগবঢ়াইছে ২০ লাখ টকা
ডিজিটেল ডেস্ক: ক’ৰণা মহামাৰীয়ে দেশত ধাৰণ কৰিছে ভয়াৱহ ৰূপ।এনে ভয়াৱহ পৰিস্থিতিৰ মাজতেই দেশত অক্সিজেনৰ অভাৱে দেখা দিয়া পৰিলক্ষিত হৈছে।অক্সিজেনৰ অভাৱত পৰি মৃত্যু হৈছে বহুতো লোকৰ।দেশৰ এনে সংকটৰ সময়ত ক্ৰিকেটাৰ,বলীউডৰ তাৰকা আৰু অন্য দেশ সমুহে আগবঢ়াইছে সহায়ৰ হাত।শেহতীয়া কৈ দেশৰ এই পৰিস্থিতিত সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱান।ক্ৰিকেটাৰ গৰাকীয়ে সহায় আগবঢ়োৱাৰ কথা ইতিমধ্যে এক টুইটযোগে অৱগত কৰিছে।ক্ৰিকেটাৰ গৰাকীয়ে ক’ভিডত আক্ৰান্ত হোৱা ৰোগী সকললৈ আগবঢ়াইছে ২০ লাখ টকা।ইয়াৰ লগতে তেখেতে আই পি এলৰ বাকি থকা খেলসমুহত লাভ কৰা সকলোবোৰ টকা ক’ৰণাত আক্ৰান্ত লোক সকললৈ আগবঢ়াব বুলি ঘোষণা কৰিছে।