ক’ভিডে প্ৰাণ ল’লে দুৰদৰ্শনৰ জনপ্রিয় এংকৰ কানুপ্ৰিয়াৰ

ডিজিটেল ডেস্কঃ দেশত কৰ’নাৰ সন্ত্ৰাস।কৰ’নাই প্ৰাণ ল’লে দুৰদৰ্শনৰ জনপ্রিয় এংকৰ কানুপ্ৰিয়াৰ। জনপ্রিয় এংকৰ তথা সাংবাদিক ৰোহিত সাৰদানাৰ মৃত্যুৰ খবৰত শোকত ম্ৰিয়মান হৈ পৰা সাংবাদিক জগতখনত ক্ষান্ত ন’হওতেই সাংবাদিক জগতখনলৈ আহিল আকৌ এক মৰ্মান্তিক খবৰ। দেওবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় এংকৰগৰাকীৰ। বৃহস্পতিবাৰে হঠাৎ অসুস্থ হৈ পৰাৰ বাবে চিকিৎসালয়লৈ নি কানুপ্ৰিয়াৰ ক’ভিড টেষ্ট কৰোৱাত ক’ভিড পজিটিভ ওলায়। তাৰ পিছতে চিকিৎসাধীন হৈ আছিল যদিও শনিবাৰে হাৰ মানিলে কৰ’নাৰ আগত।দুৰদৰ্শনৰ জনপ্রিয় এংকৰ কানুপ্ৰিয়াৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে দুৰদৰ্শন কৰ্তৃপক্ষই লগতে কানুপ্ৰিয়াৰ মৃত্যু যে দুৰদৰ্শনৰ বাবে বৃহৎ ক্ষতি বুলি অভিহিত কৰে।

Comments (0)
Add Comment