ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে ক’ভিড -১৯ ৰ ব্যাপক প্ৰভাৱ।প্ৰতিদিনেই আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন লোক।দেশৰ এনে ভয়ানক পৰিস্থিতিত সহায়ৰ বাবে আগবাঢ়ি আহিছে কেইবাখনো চুবুৰীয়া দেশৰ লগতে ক্ৰিকেটাৰ আৰু বলিউডৰ তাৰকা সকল।শেহতীয়াকৈ সহায়ৰ বাবে আগবাঢ়ি আহিছে কানাড়া ছবি জগতৰ অভিনেতা অৰ্জুন গৌড়।অভিনেতা অৰ্জুন গৌড়ে ঘৰতে সোমাই নাথাকি উলাই আহিছে বাহিৰলৈ।আৰু ইজনৰ পিছত সিজন ক’ৰণাত আক্ৰান্ত হোৱা ৰোগীক এম্বুলেঞ্চ নিজে চলাই লৈ আহিছে চিকিৎসালয়লৈ।অভিনেতা ঘৰাকীয়ে ২৪ ঘন্টাৰ প্ৰায় ১৮ ঘন্টাই সেৱা আগবঢ়াইছে সমাজৰ বাবে।অভিনেতা গৰাকীৰ এনে পদক্ষেপক এতিয়া সকলোৱে একেমুখে শলাগ লোৱা দেখা গৈছে।