ডিজিটেল ডেস্কঃ সকলোৱে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব লাগে কিন্তু তাৰ সমান্তৰালভাৱে মানসিকভাৱে ও সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। মানসিক চাপ, উদ্বেগ আৰু স্মৃতিশক্তি আদি হ্ৰাস পালে ইয়াৰ প্ৰভাৱ মস্তিষ্কৰ কাৰ্যকলাপত পৰে। স্মৃতিশক্তি অটুট ৰখাত সহায়ক হোৱা কেইবিধমান পানীয়ৰ বিষয়ে জানোঁ আহক_
১) ডালিমৰ ৰসঃ প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থকা ডালিমে মস্তিষ্কৰ কোষ ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে। ডালিমৰ ৰসে মস্তিষ্কত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰাত সহায় কৰাৰ লগতে তেজৰ সৰবৰাহ স্বাভাৱিক কৰি ৰখাত সহায় কৰে। দুপৰীয়া আহাৰ খোৱাৰ আগত বা পিছত ডালিমৰ ৰস পান কৰিলে মস্তিষ্ক সুস্থ, স্বাভাৱিক আৰু স্মৃতিশক্তি বৃদ্ধি পায়।
২) গ্ৰীণ টিঃগ্ৰীণ টিয়ে শৰীৰৰ ওজন কমায় বুলি আমি সকলোৱে জানোঁ কিন্তু অকল ওজন কমোৱাতে নহয় গ্ৰীণ টিয়ে স্মৃতিশক্তি বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। গ্ৰীণ টিয়ে মস্তিষ্কত এন্টিঅক্সিডেন্টৰ দুঃশ্চিন্তা হ্ৰাস কৰে। ইয়াত থকা উপাদানে নিউৰ’ট্ৰান্সমিটাৰৰ কাৰ্যকলাপ বৃদ্ধি কৰে লগতে উদ্বেগ আঁতৰায়।
৩) জামুৰ মিল্ক ছেকঃগাখীৰৰ বিশেষ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জ্ঞাত। গাখীৰৰ সৈতে জামুৰ মিল্ক ছেক বনায় খালে ইয়াৰ শক্তি দুগুণে বৃদ্ধি পায়, মস্তিষ্কত তেজৰ সৰবৰাহ বৃদ্ধি হয়। এনেদৰে জামুৰ মিল্ক ছেক খালে কলেষ্টৰেলৰ পৰিমাণ হ্ৰাস কৰে লগতে মস্তিষ্ক আৰু স্মৃতিশক্তি বৃদ্ধি হয়।