মৰঙিৰ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্যকেন্দ্রৰ সমীপত সংঘটিত হয় এক পথ দুৰ্ঘটনা।
ডিজিটেল ডেস্ক: মৰঙিত সোমবাৰে দুপৰীয়া এক পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখ্য যে মৰঙিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ৷ নুমলীগড়ৰ পৰা গোলাঘাট অভিমুখে গৈ থকা বালিভৰ্তি এখন ডাম্পাৰৰ চকা ফুটাৰ ফলতে সংঘটিত হয় এই ঘটনাৰ।ডাম্পাৰ চকা ফুটাৰ পিছত পথৰ কাষৰ এজোপা গছ মহতিয়াই কাৰণে এটা পুখুৰীত সোমাই পৰে AS 05 C 8639 নম্বৰৰ ডাম্পাৰখন ৷ বালি ভৰ্তি ডাম্পাৰখনৰ চালক সহ তিনিজনকে চালকৰ কেবিনৰ ভিতৰত বালি সোমোৱাত তিনিজন গুৰুত্বৰ ভাৱে আহত হয়৷ স্থানীয় ৰাইজে তিনিওকে সংকট জনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷