Daily Time Axom

সৰুপথাৰত বিজেপিৰ বিশ্বজিৎ ফুকনৰ বৃহৎ জয়লাভ ।

0 9

ডিজিটেল ডেস্কঃগোলাঘাট জিলাৰ ৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিত বিধান সভা নিৰ্বাচনৰ দেওবাৰে ভোট গণনাৰ ফলাফলত বি জে পি মিত্ৰজোঁটৰ বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰি পোন প্ৰথমবাৰৰ বাবে অসম বিধান সভাৰ মজিয়ালৈ নিৰ্বাচিত হয়। সমষ্টিটোত দীৰ্ঘদিনীয়া কংগ্ৰেছৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি উফৰাই সমষ্টিবাসীয়ে এইবাৰ জনাদেশ দিলে বি জে পিৰ বিশ্বজিৎ ফুকনৰ পক্ষত। সমষ্টিটোৰ ধনশিৰি মহকুমাৰ সৰুপথাৰ মহাবিদ্যালয়ত প্ৰশাসনে স্থাপন কৰা ভোট গণনাত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ৰ’জলিনা তিৰ্কীক বি জে পিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে ৩৯,০৬৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। বি জে পিৰ বিশ্বজিৎ ফুকনে ১,০৭,৩৬৭ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰ’জলিনা তিৰ্কীয়ে লাভ কৰে ৬৮,৩০২ টা ভোট। আনহাতে ৰাজ্যত নতুনকৈ জন্ম লাভ কৰা অসম জাতীয় পৰিষদ দলৰ পৰা পোন প্ৰথম বাৰৰ বাবে ৰাজনীতিত খোজ দি সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা আছুৰ প্রাক্তন মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে২৭,১৯১টা ভোট লাভ কৰি তৃতীয় স্থানত থাকিব লগা হয়। উল্লেখযোগ্য যে এইবাৰ নিৰ্বাচনত ৯৪ নং সৰুপথাৰ বিধান সভা সমষ্টিৰ মুঠ ২,৬৬,৮৬৯ গৰাকী ভোটাৰৰ ভিতৰত ২,০৭,৫০৯ গৰাকী ভোটাৰে নিৰ্বাচনৰ দিনা ভোট দান সাব্যস্ত কৰিছিল। ইফালে দেওবাৰে সৰুপথাৰ সমষ্টিৰ পৰা বি জে পি মিত্ৰ জোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকন বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰাত দলৰ কৰ্মী সকলৰ মাজত ব্যাপক বিজয় উল্লাস কৰা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.