Daily Time Axom

ক’ভিডৰ বাবেই স্থগিত কৰিলে আই পি এল।

0 10

ডিজিটেল ডেস্ক: দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ সংক্ৰমণ।এই সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনে গ্ৰহণ কৰিছে বিহিত ব্যৱস্থা।দেশৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে লকডাউন বলবৎ কৰিছে।শেহতীয়াকৈ ক’ভিড সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই স্থগিত কৰিলে আই পি এল।উল্লেখযোগ্য যে আই পি এলত অংশ লোৱা কেইবাগৰাকীও খেলুৱৈ ইতিমধ্যে আক্ৰান্ত হৈছে ক’ভিড -১৯ত।চেন্নাই,কলিকতা শিবিৰতো আক্ৰান্ত হৈছে ক’ভিডত।ক’ভিড সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি অনুশীলন বাতিল কৰিছিল খেলুৱৈ দল সমুহে।

শেহতীয়াকৈ ক’ভিড সংক্ৰমণ বাঢ়ি যোৱাৰ ফলস্বৰূপে আই পি এল স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োজক সকলে।

Leave A Reply

Your email address will not be published.