ডিজিটেল ডেস্কঃ দেশত অব্যাহত আছে কৰ’নাৰ সংক্ৰমণ। কৰ’নাৰ এই ৰুদ্ৰমূৰ্তি ধাৰণৰ পৰা সাৰি যাব পৰা নাই জনসাধাৰণৰ লগতে দেশৰ শিল্পী সমাজো। ইজনৰ পিছত সিজন শিল্পী, সাংবাদিক আদি প্ৰাণনাশী ভাইৰাছ বিধত আক্রান্ত হৈ মৃত্যুমূখত পৰিছে। এইবাৰ আন এজন শিল্পী তথা প্ৰখ্যাত চেতাৰবাদক পদ্মভূষণ পণ্ডিত দেবু চৌধুৰীৰ কৰ’নাত মৃত্যু ঘটিছে।
যোৱা বুধবাৰৰ পৰা অৱস্থা সংকটজনক হৈ পৰিছিল শিল্পী জনৰ। তাৰপিছতে শনিবাৰে শেষ নিশা পণ্ডিত দেবু চৌধুৰীয়ে দিল্লীৰ এখন হাস্পাতালত শেষ নিঃশ্বাস ত্যাগ কৰে। শিল্পী গৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্র বলিউড তথা দেশৰ সংগীত জগত ।