Daily Time Axom

মংগলবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

0 5

ডিজিটেল ডেস্কঃ ক্ৰমাৎ বৃদ্ধি হোৱা ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মংগলবাৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিলে উদ্যান কৰ্তৃপক্ষই ৷
নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি, ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত জীৱ-জন্তুৰ মাজত ভাইৰাছ বিয়পাৰ সম্ভাৱনা বৃদ্ধি হোৱা লগতে মানুহৰ পৰা পশুলৈ এই ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে। বিগত বৰ্ষৰ লকডাইন শেষ হোৱাৰ পিছতে এশিঙিয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত সময়ত বহু সংখ্যক থলুৱা পৰ্যটক উপস্থিত হোৱাও পৰিলক্ষিত হৈছিল। ইফালে, চলিত বৰ্ষত কাজিৰঙাত পৰ্যটকে এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰে ৰাষ্ট্ৰীয় উদ্যানখনে ৷ আনহাতে, ২০১৭-১৮ পৰ্যটন বৰ্ষত সৰ্বাধিক ১ লাখ ৮৮ হাজাৰ পৰ্যটকে দৰ্শন কৰা কাজিৰঙাত এইবাৰ টাৰ্গেট আছিল দুই লাখ পৰ্যটকৰ ৷ কিন্তু সেইয়া সাম্প্ৰতিক পৰিৱেশৰ বাবে সম্ভৱ হৈ নুঠিল ৷ ইফালে বিদেশী পৰ্যটকৰ সংখ্যা সীমিত হোৱাৰ বাবে পূৰ্বৰ বৰ্ষসমুহৰ তুলনাত এইবাৰ ত্ৰিশ শতাংশ ৰাজহ কমকৈ সংগ্ৰহ হোৱাৰ কথাও উল্লেখ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে ৷

Leave A Reply

Your email address will not be published.