পুনৰ ভগৱানৰ ৰূপত চনু ছুড

ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে ক’ৰণাৰ সন্ত্ৰাস । বিগত বৰ্ষতো ক’ৰণাৰ প্ৰথমটো ঢৌৱে কালৰূপ ধাৰণ কৰিছিল । চলিত বৰ্ষৰ দ্বিতীয়টো ঢৌৱেও ইতিমধ্যে ধাৰণ কৰিছে কালৰূপ।বিগত বৰ্ষত লকডাউন তথা ক’ৰণা কালৰ সময়ছোৱাত চনু ছুডে দেশৰ বহুতো লোকৰ মাজত ভগৱান হৈ থিয় দিছিল । ব্যতিক্ৰম নহয় এইবছৰো।বিগত বৰ্ষৰ দৰেই এই বৰ্ষতো একাংশ লোকৰ মাজত ভগৱান হৈ থিয় দিছে।বৰ্তমান সময়ত দেশত অভাৱ হৈছে অক্সিজেনৰ । দেশৰ এনে সংকটৰ সময়ত অভিনেতাজনে মঙলবাৰে বাংগালুৰুৰ আৰাক চিকিৎসালয়ত অতি জৰুৰী ভাৱে অক্সিজেনৰ যোগান ধৰি প্ৰাণ বচালে ২২ জনকৈ ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ।উল্লেখযোগ্য যে উক্ত চিকিৎসালয়খনত অক্সিজেনৰ অভাৱত কেইবাজনো ৰোগীৰ অৱস্থা অতি গুৰুত্বৰ বুলি খবৰ লাভ কৰাৰ পিছতে তৎকালীন ভাৱে চনু ছুডে যোগান ধৰে ১৫ টাকৈ চিলিণ্ডাৰ।

Comments (0)
Add Comment