ডুমডুমা হাঁহচ’ৰাত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু এজন ৩৫ বছৰীয়া যুৱক ।
ডিজিটেল ডেস্কঃ অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ।এতিয়া আৰু অধিক ভয়াৱহ ৰূপ লৈছে ক’ভিডে।ক’ভিডৰ সংক্ৰমণে নিতৌ প্ৰাণ লৈছে বহুজনৰ।
বুধবাৰে নিশা ডুমডুমা হাঁহচ’ৰাতক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় এজন ৩৫ বছৰীয়া যুৱকৰ ।ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা যুৱকৰ তিনিচুকীয়া জিলাৰ ডুমডুমা হাঁহচ’ৰাৰ নিবাসী ভিকাৰী সিঙৰ পুত্ৰ অৰুণ সিঙ।
উল্লেখ্য যে, এমাহ পূৰ্বে গুৱাহাটীৰ পৰা নিজ ঘৰলৈ ঘূৰি আহিয়ে অসুস্থ হৈ পৰিছিল যুৱকজন । অসুস্থ হৈ পৰা যুৱকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় লৈ যাওঁতে দেহত ধৰা পৰে ক’ভিডৰ সংক্ৰমণ । ডিব্ৰুগড়ত অন্তিম সংস্কাৰ কৰিবলৈ ঠাই অভাৱ হোৱাৰ বাবে তিনিচুকীয়াৰ শ্মশানলৈ প্ৰেৰণ কৰে যুৱকজনৰ মৃতদেহ ।