দেশত কৰ’নাৰ বিভীষিকা: সৰুপথাৰতো সংক্ৰমণ বৃদ্ধি

ডিজিটেল ডেস্ক : সমগ্র দেশৰ লগতে অৱধাৰিত ভাৱেই অতি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছে অসম । প্ৰতিটো মুহূৰ্তত সমগ্র ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাব ধৰিছে কৰ’না আক্রান্ত লোকৰ সংখ্যা। ব্যতিক্ৰম নহয় গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰো । জানিব পৰা মতে সৰুপথাৰ ,বৰপথাৰকে ধৰি মহকুমাটোৰ বিভিন্ন অঞ্চলত স্বাস্থ্য বিভাগে প্ৰতিদিনে ভালেসংখ্যক লোকক ক’ভিড পৰীক্ষা কৰা কাম বৰ্তমান অব্যাহত ৰাখিছে । স্বাস্থ্য বিভাগৰ এই ক’ভিড পৰীক্ষা কালত মহকুমাটোৰ বিভিন্ন অঞ্চলত প্ৰতিদিনে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে। ৫ মে’ৰ দিনটোতো প্ৰশাসনে দিয়া তথ্য অনুসৰি মহকুমাটোৰ মুঠ ৪৪ গৰাকীকৈ লোকৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে । জিলা খনৰ সৰুপথাৰ অঞ্চলত এনেদৰে প্ৰতিদিনে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত বৰ্তমান আতংকিত হৈ পৰিছে মহকুমাবাসী ।

Comments (0)
Add Comment