ক’ভিড – ১৯ত আক্ৰান্ত মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন ।
ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে ক’ৰণাৰ দ্ৰুত গতিত সংক্ৰমণ । প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰণাৰ সন্ত্ৰাস।ইজনৰ পিছত সিজন ক’ভিডত আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে মৃত্যু মুখতো পৰিছে বহুতো লোক।শেহতীয়াকৈ মহামাৰি ক’ভিড -১৯ ত আক্ৰান্ত হৈছে বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন।বৰ্তমান বাংগাৰোলত আছে অভিনেত্ৰী গৰাকী।উল্লেখযোগ্য যে অভিনেত্ৰী দীপিকা পাডুকনৰ পিতৃ,মাতৃ আৰু ভগ্নী উজ্বলাও আক্ৰান্ত হৈছে ক’ভিড ১৯ত।বৰ্তমান অভিনেত্ৰী গৰাকীৰ পৰিয়াল হ’ম আইচ’লেচনত আছে।