ক’ভিড আক্ৰান্তৰ কাষত ক্ৰিকেটাৰ বিৰাট কোহলি

ডিজিটেল ডেস্ক: দেশত অব্যাহত আছে কাল কৰ’ণাৰ সন্ত্ৰাস।প্ৰতিদিনাই বৃদ্ধি পাইছে আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা।দেশৰ এনে অভাৱনীয় পৰিস্থিতিত সহায় কৰিবলৈ আহিছে বহুতো লোক,বিশেষকৈ খেলুৱৈ সকল।শেহতীয়াকৈ আই পি এলৰ পৰা নিজ গৃহলৈ উভতি যোৱাৰ পিছতে ক্ৰিকেটাৰ বিৰাট কোহলিয়ে সেৱা আগবঢ়াইছে ক’ভিড আক্ৰান্ত ৰোগীক।নিজৰ জন্ম দিন পালন কৰাৰ পিছতেই কোহলি আৰু অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মাই শীঘ্ৰেই তেওঁলোক দুয়োগৰাকীয়েই ক’ভিড ৰোগীৰ বাবে সেৱা আগবঢ়াব বুলি অৱগত কৰিছিল।আৰু সেই মন্তব্যৰ পিছতেই আই পি এলৰ পৰা উভতি যোৱাৰ পিছতে ক’ভিড আক্ৰান্তক সেৱা আগবঢ়োৱাত ব্যস্ত হৈ পৰিছে ক্ৰিকেটাৰ বিৰাট কোহলি।ক্ৰিকেটাৰ গৰাকীৰ এই পদক্ষেপক বৰ্তমান বিভিন্ন জনে যোগাত্মক অভিব্যক্তি প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment