এগৰাকী বৃদ্ধাক দুমাহ আগতেই পুত্র আৰু নাতিয়ে মিলি হত্যা কৰি পুতি থ’লে নদীৰ পাৰত।
ডিজিটেল ডেস্কঃ নলবাৰীৰ পূৰ্ণিত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । পুত্ৰ আৰু নাতিয়ে মিলি হত্যা কৰিলে এগৰাকী বৃদ্ধাক । বৃদ্ধাগৰাকীক হত্যা কৰাৰ পিছতে পুতি থ’লে এখন নদীৰ পাৰত।উল্লেখ্য যে, দুমাহ ধৰি সন্ধানহীন হৈ আছিল বৃদ্ধা গৰাকী। ইমান দিনে সন্ধান নোলোৱাত গাঁৱৰ ৰাইজৰ সন্দেহ উপজিল বৃদ্ধাগৰাকীৰ পুত্র আৰু নাতিৰ ওপৰত। অৱশেষত গাওঁসভা পাতি ৰাইজে ঘটনাৰ সন্দৰ্ভত তথ্যসমূহ প্ৰত্যক্ষ কৰাৰ পিছত কণোবালা বৰ্মন নামৰ বৃদ্ধা গৰাকী সন্ধানহীন হৈ থকাত ৰাইজৰ সন্দেহ উপজিছিল । বৃহস্পতি বাৰে দণ্ডাধীশৰ উপস্থিতিত মাতি খাণ্ডি বৃদ্ধা কণোবালা বৰ্মনৰ মৃতদেহ উদ্ধাৰ কৰে বেলশৰ আৰক্ষীয়ে । তাৰ পিছতেই মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃত বৃদ্ধা কণোবালা বৰ্মনৰ হত্যাকাৰী পুত্ৰ উপেন বৰ্মন,নাতি হৰেন বৰ্মন আৰু প্ৰদীপ বৰ্মনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।
কোবাই কোবাই বৃদ্ধাগৰাকীক হত্যা কৰাৰ ঘটনাই এতিয়া অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে।