Daily Time Axom

বৰ্তমান বিশ্বৰ অধিক কৰ’ণাৰ প্ৰভাৱ থকা দেশ ভাৰত,বিশ্ব স্বাস্থ্য সংস্থা

0 15

ডিজিটেল ডেস্ক: সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে।ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।দেশত বৰ্তমান সময়ত এক অভাৱনীয় পৰিস্থিতিয়ে দেখা দিছে।শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে এক বিশেষ তথ্য।বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি বিগত সপ্তাহটোত বিশ্বত মুঠ যিমান সংখ্যক লোক আক্ৰান্ত হৈছে তাৰ প্ৰায় আধাখিনিয়েই ভাৰতৰ ।ইয়াৰ সমান্তৰালভাৱে বিগত সপ্তাহত যিসকল লোকৰ মৃত্যু হৈছে তাৰে চাৰিভাগৰ এভাগ ভাৰতৰ লোক।এই তথ্য সমূহ চোৱাৰ পিছত এটা কথা স্পষ্ট যে বিশ্বৰ ভিতৰত কৰ’ণাৰ প্ৰভাৱ আটাইতকৈ বেছি ভাৰতত।ভাৰতত প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা।আৰু সেয়ে বৰ্তমান বিশ্বৰ অধিক কৰ’ণাৰ প্ৰভাৱ থকা দেশ ভাৰত বুলি সংস্থাটোৱে তথ্য প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.