Daily Time Axom

মৰঙিত ইজনৰ পিছত সিজনৰ দেহত ধৰা পৰিছে কৰ’নাৰ সংক্ৰমণ।

0 9

ডিজিটেল ডেস্কঃ মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পূৰ্ণগতিত চলিছে ৰেপিড এন্টিজেন টেষ্ট। ইতিমধ্যে স্বাস্থ্য কেন্দ্ৰটোত কেইবাজনো ব্যক্তিৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে। শুক্ৰৰবাৰেও পুনৰ দুজন ব্যক্তিৰ দেহত ধৰা পৰে এই মাৰাত্মক ভাইৰাছ। মৰঙি পানীকৰা গাঁওৰ এজন আৰু দৈগ্ৰোংৰ এজনৰ দেহত ধৰা পৰিছে অতিমাৰী ক’ভিডৰ সংক্ৰমণ৷ দৈগ্ৰোংৰ ব্যক্তিজন বেংগালোৰুৰ পৰা অহাৰ বিপৰীতে মৰঙি পানীকৰা গাঁওৰ ব্যক্তিজনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত৷ ইতিমধ্যে স্বাস্থ্য বিভাগে হোম কোৱাৰেন্টাইন কৰি ৰখাৰ ব্যৱস্থা কৰিছে। আনহাতে অনলাইন পঞ্জীয়ন কৰা লোকসকলৰ টিকাকৰণৰ বাবে মৰঙি মৌজাৰ ৫ খনকৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৰাইজৰ সুবিধাৰ্থে দুভাগ কৰি ১৮ বছৰৰ পৰা ৪৫ বছৰৰ লোকসকলৰ বাবে মৰঙি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ভাগ্যপুৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নাহৰচলা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপৰীতে ৪৫ উৰ্দ্ধৰ লোকসকলৰ বাবে BGKSD আৰু পংকা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সাজু কৰি তোলা হৈছে।

সূচাৰুৰূপে টিকাকৰণৰ কাম সমাপন কৰিবলৈ ইতিমধ্যে স্বাস্থ্যকৰ্মীৰ এটা দলে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে আৰু ভেকচিন পোৱাৰ লগে লগে টিকাকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰে স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰগ্ৰেম মেনেজাৰ আফতাব আহমেদে। সমগ্ৰ প্ৰক্ৰিয়াটোত স্থানীয় ৰাইজ আৰু চৰকাৰী গাঁওবুঢ়াৰ লগতে আশাকৰ্মী সকলেও সহায় কৰাৰ কথা সদৰি কৰে প্ৰগ্ৰেম মেনেজাৰ জনে।

Leave A Reply

Your email address will not be published.