ডিজিটেল ডেস্কঃ পুষ্টি আৰু খাদ্যগুণ সমৃদ্ধ এবিধ পাচলি হৈছে চ’জিনা।আপুনি বাৰু জানেনে? যে চ’জিনাই প্ৰায় তিনিশ ৰোগৰ প্ৰতিষেধক হিচাপে কাম কৰে। তদুপৰি শৰীৰৰ বাবে প্ৰয়োজনীয় সকলোবোৰ ভিটামিনৰ উপৰিও অত্যাৱশ্যকীয় আটাইবোৰ এমিন’এচিড থকা বাবে চ’জিনাক কোৱা হয় ‘পুষ্টিৰ ডিনামাইট’ বুলি। চ’জিনাৰ পাততো পুষ্টিৰ বাবে প্ৰয়োজনীয় সীমাহীন গুণ থাকে। চ’জিনা পাতৰ ঠাৰিটো থাকে বিশেষ গুণ।চ’জিনাত সুমথিৰাতকৈ বেছি ভিটামিন C আৰু কলতকৈ পোন্ধৰ গুণ বেছি পটাছিয়াম থাকে। তেনেহ’লে জানোঁ আহক চ’জিনাই কি কি ৰোগৰ পৰা আৰু কি দৰে আমাক ৰক্ষা কৰে?
১) চ’জিনা পাতৰ ৰস দৈনিক ৪-৬ চামুচকৈ খালে উচ্চ ৰক্তচাপৰ সমস্যা বহুখিনি হ্ৰাস পায়।
২) প্ৰথম অৱস্থাত টিউমাৰ ধৰা পৰিলে তাত চজিনাৰ পাত বটি প্ৰলেপ হিচাপে ব্যৱহাৰ কৰিলে লাহে লাহে কমে। একেদৰে কৰ’বাত আঘাত পালে বা দেহৰ কোনো অংশ ফুলি উঠিলে চ’জিনা পাত বটি প্ৰলেপ দিলে ভাল হয়।
৩) চ’জিনাৰ পাত ভালদৰে সিজাই খালে ৰুচি আহে।
৪) দাঁতৰ মাৰিৰ সমস্যাৰ পৰা ৰক্ষা পাবলৈ আধা মগ পানীত চ’জিনাৰ পাত সিজাই লৈ সেই পানীৰে নিতৌ কুলকুলি কৰিব লাগে।
৫) জ্বৰ আৰু অতি যন্ত্রণাদায়ক পানীলগা সমস্যা হ’লে চ’জিনা পাত চব্জি বনায় খাব লাগে।